Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

পেনিচিলিনৰ আৱিষ্কাৰ Discovery Of Penicillin In Assamese

Discovery of penicillin Assamese
3 min read
Assamese Science magazine | Science Fact in Assamese

পেনিচিলিনৰ আৱিষ্কাৰ Discovery Of Penicillin In Assamese

পেনিচিলিনৰ আৱিষ্কাৰ চিকিৎসা বিজ্ঞানৰ ইতিহাসৰ এক অতি উল্লেখযোগ্য ঘটনা ৷ 1928 চনৰ 28 ছেপ্তেম্বৰৰ দিনা স্কটলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিংয়ে বিশ্বৰ প্ৰথম সফল এন্টিবায়'টিক ( পেনিচিলিন ) আৱিষ্কাৰ কৰাৰ পিছত এই আৱিষ্কাৰে মানৱ ইতিহাসত এক যুগান্তকাৰী পৰিবৰ্তন আনি দিছিল ৷ কাৰণ, ইয়াৰ আগতে দেহৰ আঘাতবোৰত সংক্ৰমণ হোৱাৰ ফলত বিশ্বত প্ৰতি বছৰে লাখ লাখ লোক মৃত্যুমুখত পৰিছিল ৷ আনকি ইয়াৰ আগতে প্ৰথম মহাসমৰকে আদি কৰি ইতিহাসৰ বেছিভাগ যুদ্ধতেই আটাইতকৈ বেছি সংখ্যক সৈনিকৰ মৃত্যু দৰাচলতে যুদ্ধক্ষেত্ৰত হোৱা নাছিল ৷ এই মৃত্যুবোৰৰ গৰিষ্ঠসংখ্যকেই হৈছিল যুদ্ধক্ষেত্ৰত পোৱা আঘাতৰ স্থানত কেইদিনমান পিছত আৰম্ভ হোৱা সংক্ৰমণৰ ফলতহে ৷ 

পিছে, মহাসমৰৰ এই ভয়াবহ কালচোৱাত সৈনিক সকলক পেনিচিলিনেৰে চিকিৎসা কৰাত ক্ষেত্ৰত চিকিৎসক সকলৰ সন্মূখত এক ডাঙৰ বাধা আহি পৰিছিল ৷ সেই সময়চোৱাত বিশ্বৰ পেনিচিলিন উৎপাদন ক্ষমতা আছিল চাহিদাতকৈ বহু কম ৷ দৈনিক হাজাৰ হাজাৰ সৈনিকক পেনিচিলিনৰ প্ৰয়োজন হোৱাৰ সময়ত বিজ্ঞানী সকলে চাহিদাৰ এক সামান্য অংশ পেনিচিলিনহে দৈনিক উৎপাদন কৰিবলৈ সক্ষম আছিল ৷ গতিকে সেই সময়ত পৰিস্থিতি এনে আছিল যে চিকিৎসক সকলে জানিছিল যে কোনো এজন সৈনিকক পেনিচিলিন দিলে তেওঁ সুস্থ হৈ উঠিব ৷ কিন্তু যোগানৰ অভাৱৰ ফলত পেনিচিলিনৰ বেজী এটা লব নোৱাৰি চিকিৎসক সকলৰ সন্মূখতে অৱশেষত সেই সৈনিক জনৰ মৃত্যু হৈ গৈছিল ৷ এই বেদনাদায়ক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ বৃহৎ হাৰত পেনিচিলিন উৎপাদনৰ কোনো উপায়েই চিকিৎসক সকলৰ হাতত নাছিল ৷ কিন্তু ইয়াৰ মাজতে এদিন হঠাৎ সকলো সলনি হৈ গ'ল ৷ চিকিৎসক সকলে আৱিষ্কাৰ কৰিলে যে কোনো এজন লোকক পেনিচিলিন দিয়াৰ পিছত এই দৰৱৰ এটা অংশ দেহত ৰোগ প্ৰতিৰোধত লাগি যায় যদিও আন অংশটো প্ৰায় চাৰি ঘন্টাৰ পিছত প্ৰস্ৰাৱৰ লগত ৰোগীজনৰ দেহৰ বাহিৰলৈ ওলাই যায় ৷ বিজ্ঞানী সকলে দেখিলে যে প্ৰায় চাৰি ঘন্টাৰ পিছত 40 ৰ পৰা 99 শতাংশ পেনিচিলিনেই কোনো ধৰণৰ সাল সলনি নোহোৱাকৈ ৰোগীৰ দেহৰ পৰা বাহিৰলৈ ওলাই আহে ৷ বাকী যি অংশ ৰোগীৰ দেহত থাকি যায় সেই পেনিচিলিনেই ৰোগীজনক সুস্থ কৰি তোলে ৷ এই আশাব্যঞ্জক ফলাফলটো পোৱাৰ পিছত বিজ্ঞানী সকলে পেনিচিলিনৰ বৃহৎ হাৰত উৎপাদনত এক অভাৱনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁলোকে কোনো এক ৰোগীক পেনিচিলিন দিয়াৰ চাৰি ঘন্টা পিছত ৰোগীজনৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত সেই প্ৰস্ৰাৱৰ পৰা অব্যৱহৃত পেনিচিলিনবোৰ পুনৰোদ্ধাৰ কৰি সেই পেনিচিলিন পুনৰ এক নতুন ৰোগীৰ দেহত প্ৰয়োগ কৰে ৷ ইয়াৰ চাৰিঘন্টা পিছত তেওঁলোকে নতুন ৰোগীজনৰ প্ৰস্ৰাৱৰ পৰাও পুনৰ পেনিচিলিন সংগ্ৰহ কৰি আকৌ আন এজন ৰোগীক দিবলৈ ধৰে ৷ এনেদৰে প্ৰস্ৰাৱৰ পৰা পেনিচিলিন উৎপাদনৰ পদ্ধতিৰ আৱিষ্কাৰৰ লগে লগে দ্বিতীয় মহাযুদ্ধৰ গতিয়েই ভালেখিনি সলনি হৈ গ'ল ৷ একেটা দৰবেই বাৰে বাৰে বহুতো সৈনিকৰ দেহত প্ৰয়োগ কৰিব পৰাৰ ফলত পেনিচিলিনৰ উৎপাদন আৰু চাহিদাৰ মাজত থকা বৃহৎ পাৰ্থক্য শেষ হৈ যায় আৰু লগে লগে দ্বিতীয় মহাসমৰত মিত্ৰ শক্তিৰ সৈনিকৰ মৃত্যুৰ হাৰ অভাৱনীয় ভাৱে কমিবলৈ আৰম্ভ কৰে ৷

যুদ্ধ শেষ হোৱাৰ পিছত বৃহৎ হাৰত পেনিচিলিনৰ উৎপাদনৰ নতুন পদ্ধতি আৱিষ্কাৰ হয় ৷ কিন্তু সেই পদ্ধতি আৱিষ্কাৰৰ আগতে দ্বিতীয় মহাযুদ্ধৰ সময়ত এনেকৈয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত প্ৰস্ৰাৱে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷

আলেকজেণ্ডাৰ ফ্লেমিং কথা কোৱা আৰু ভাষণ দিয়া বিদ্যাত বৰ বেছি পাৰ্গত নাছিল ৷ সেয়েহে তেওঁ 1928 চনতে পেনিচিলিন আৱিষ্কাৰ কৰাৰ পিছতো ভালকৈ কথা কব নোৱাৰাৰ ফলতেই তেওঁৰ এই আৱিষ্কাৰে প্ৰথম অৱস্থাত বৰ বেছি গুৰুত্ব নাপালে ৷ এই আৱিষ্কাৰৰ দুই বছৰ পিছত বৃটিছ চিকিৎসক চেচিল জৰ্জ পাইনে 1930 চনৰ 25 নবেম্বৰৰ দিনা এক শিশুৰ চিকিৎসাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সফলতাৰে পেনিচিলিনৰ প্ৰয়োগ কৰে ৷ ইয়াৰ পিছৰ পৰা প্ৰাৰম্ভিক অৱস্থাত কিছু সফলতা আৰু কিছু বিফলতাৰ মাজেৰে লাহে লাহে দেহত জীৱানুৰ সংক্ৰমন ৰোধ কৰাৰ বাবে পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ এনেদৰে প্ৰাৰম্ভিক প্ৰয়োগ আৰু গৱেষণা চলি থকাৰ কিছুবছৰ পিছতেই 1939 চনৰ পৰা দ্বিতীয় মহাসমৰ আৰম্ভ হয় ৷ দ্বিতীয় মহাসমৰৰ আৰম্ভনিৰ পৰাই আঘাতপ্ৰাপ্ত সৈন্যসকলৰ কিছু সংখ্যকক প্ৰয়োজনৰ সময়ত পেনিচিলিনেৰে চিকিৎসা কৰা হৈছিল যদিও যুদ্ধৰ মাজভাগৰ পৰা সৈনিক সকলক চিকিৎসাৰ বাবে ব্যাপক হাৰত পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ পেনিচিলিনৰ ব্যৱহাৰে দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্ৰ শক্তিৰ শিৱিৰত এক অভাৱনীয় সাফল্য আনি দিছিল ৷ আঘাতপ্ৰাপ্ত সৈনিক সকলক পেনিচিলিনেৰে চিকিৎসা কৰাৰ ফলত যুদ্ধত আঘাতপ্ৰাপ্ত লাখ লাখ সৈনিক আঘাত স্থানত সংক্ৰমণৰ ফলত হব পৰা নিশ্চিত মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ পৰিছিল ৷ ইয়াৰ উপৰি সংক্ৰমনৰ পৰা ৰক্ষা পাবলৈ আগৰ যুদ্ধবোৰত সৈনিক সকলৰ হাত, ভৰি আদি শৰীৰৰ অংগবোৰ প্ৰায়েই কাটি পেলাই দিব লগীয়া হৈছিল ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত পেনিচিলিনৰ ব্যৱহাৰৰ ফলত এই হাৰ অবিশ্বাস্য ভাৱে কমি গৈছিল ৷

-Alakesh Bhagawati

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • Assamese GK Question Answer for Gov Exam | Latest Assam Gk নদীৰ পাৰত গঢ় লৈ উঠা বিশ্বৰ কেইখনমান  চহৰ Assamese General Knowledge ফ্ৰান্চৰ ৰাজধানী পেৰিচ অৱস্থিত → সীন নদীৰ…
  • List of Governor of Assam Till 2021 - Assam Governor Listভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকলAssam Rajyopal List: List of Governor of Assam Till 2020| অসমৰ আটাইবোৰ ৰাজ্যপ…
  • প্রথম ডেটিংত যাব ? Dating Tips In Assamese Languageফাষ্ট ডেটিঙৰ ১০টা টিপচ। একমাত্ৰ ল'ৰাসকলৰ বাবে | Assamese Relationship Advice  পেন্টৰ তলত জাঙ্গিয়া নিপিন্ধাকৈ ভুলতো নাযাব…
  • Assamese Whatsapp Status | Assamese Sms | Emotional Status তোমাৰ  দেউতা মায়ে যদি বিচাৰে যে ডাক্তৰ -ইঞ্জিনিয়াৰ ল'ৰাৰ বাদে আন ল'ৰাৰ  সৈতে  তোমাক  বিয়া নিদিয়ে …
  • Top 10 NGO in Assam | Assam NGO you Should Join A Non-governmental Organization is a non-profit citizen-based group that functions independently of governme…
  • Traditional Dress of Assam- Latest Photo With Information Assamese is one of the most beautiful states of North East India where you can see different variety of natural s…

Post a Comment