Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Lachit Barphukan Essay in Assamese PDF লাচিত বৰফুকন বিষয়ে ৰচনা

2 min read
Lachit Barphukan Essay in Assamese PDF

Lachit Barphukan Essay in Assamese PDF লাচিত বৰফুকন বিষয়ে ৰচনা 

আৰম্ভণি : অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী  ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস লম। 

জন্ম :  বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে  তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম  হৈছিল বুলি কোৱা হয়।  মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম । তেওঁৰ দেউতাক আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ  তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত ৷

শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত  ফৈদ হৈছে বিখ্যাত লান ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষজন চুকাফাৰ সৈতে অসমলৈ আহিছিল।

তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমুৰ ফুকনলুং হৈ পৰিল।

দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ?" লাচিতে উত্তৰ দিলে, “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে"

তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক’ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা  পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী।

শৰাইঘাটৰ যুদ্ধ 

Battle of Saraighat Photo  | assamese essay lachit barphukan

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ  উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।

lachit barphukan maidam
Image- sentinelassam.com

মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।

Disclaimer & Reference- This article is written with assamese Wikipedia. & Internet data . There may be some typing mistakes and error. Please correct if you find anything wrong with this post we will update as soon as possible.

Some books about Lachit Barphukan Essay in Assamese PDF

  • 1. THE LEGEND OF LACHIT BORPHUKAN- Click Here
  • 2.Asom Buranjeer Mahanayak Lachit Borphukan- Click Here

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • Assamese Whatsapp Status | Assamese Sms | Emotional Status তোমাৰ  দেউতা মায়ে যদি বিচাৰে যে ডাক্তৰ -ইঞ্জিনিয়াৰ ল'ৰাৰ বাদে আন ল'ৰাৰ  সৈতে  তোমাক  বিয়া নিদিয়ে …
  • Top 10 NGO in Assam | Assam NGO you Should Join A Non-governmental Organization is a non-profit citizen-based group that functions independently of governme…
  • Traditional Dress of Assam- Latest Photo With Information Assamese is one of the most beautiful states of North East India where you can see different variety of natural s…
  • প্রথম ডেটিংত যাব ? Dating Tips In Assamese Languageফাষ্ট ডেটিঙৰ ১০টা টিপচ। একমাত্ৰ ল'ৰাসকলৰ বাবে | Assamese Relationship Advice  পেন্টৰ তলত জাঙ্গিয়া নিপিন্ধাকৈ ভুলতো নাযাব…
  • List of Governor of Assam Till 2021 - Assam Governor Listভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকলAssam Rajyopal List: List of Governor of Assam Till 2020| অসমৰ আটাইবোৰ ৰাজ্যপ…
  • Assamese GK Question Answer for Gov Exam | Latest Assam Gk নদীৰ পাৰত গঢ় লৈ উঠা বিশ্বৰ কেইখনমান  চহৰ Assamese General Knowledge ফ্ৰান্চৰ ৰাজধানী পেৰিচ অৱস্থিত → সীন নদীৰ…

14 comments

  1. 2 years
    Thank you sir
  2. 2 years
    Thank u
  3. 2 years
    Ajay
  4. 2 years
    Ajay
  5. 2 years
    Ajay Newark
  6. 2 years
    - ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে ki hoi sir
  7. 2 years
    তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ what is this all wrong
    1. 2 years
      This article is written with assamese Wikipedia. & Internet data . There may be some typing mistakes and error. Please correct if you find anything wrong with this post we will update as soon as possible.
  8. 2 years
    6003840879
  9. 2 years
    Thankyou so much sir
  10. 2 years
    Thank you sir
  11. 2 years
    Thank u
  12. 2 years
    Hi sir
  13. 1 year
    <a href="https://dyaksha.in/lachit-borphukan-essay-in-assamese/>এই লেখাটো পোষ্ট কৰাৰ বাবে ধন্যবাদ।</a>