Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

অম্বুবাচী কি ? কিয় পালন কৰা হয় অম্বুবাচী ? Ambubasi In Assam

In this post you can read the story behind ambubasi mela in assam. why ambubasi is celebratyed in assam I have explained here.
1 min read
Ambubasi Story In Assamese Language

অম্বুবাচী কি? Ambubasi Story In Assamese Language

অম্বুবাচী হিন্দুধৰ্মৰ  উৎসব। অম্বুবাচী বিভিন্ন আঞ্চলিক ভাষাত আমতি কোৱা হয় । হিন্দু শাস্ত্রত পৃথিবীক মা আখ্যা দিয়া হৈছে। বেদতো একে ৰকমেই  মা ৰূপত বর্ণনা কৰা হৈছে, পৌৰানিক যুগতো পৃথিবীক ধৰিত্ৰী  বুলি  সম্বোধন কৰা হৈছে। আহাৰ মাহত মৃগ শিৰা নক্ষত্রৰ তিনিটি পদ শেষ হলে পৃথিবী বা ধৰিত্রী মা ঋতুময়ী হয়। সেই সময়ত অম্বুবাচী পালন কৰা হয়।

কিয় পালন কৰা হয় অম্বুবাচী? Why Ambubasi Is Celebrated In Assam ?

পৃথিবীতেই মানুহৰ জন্ম , একমাত্ৰ মানুহ বুলি নহয় ফুল, পখী ,প্রকৃতি এক কথাত সকলো তো পৃথিবীৰ সন্তান। মহাজাগতিক ধাৰাত পৃথিবী যেতিয়া সূৰ্য্যৰ মিথুন ৰাশিৰ আদ্রা নক্ষত্রত অবস্থান কৰে সেইদিন পৰা বর্ষাকাল আৰম্ভ হয়। একেদৰে আমি জানো ছোৱালীৰ যেতিয়া ঋতুকাল বা ৰজঃস্বলা হয় এজনী নাৰী তেতিয়াৰ পৰাই সন্তান ধাৰণৰ সক্ষম হয় । ঠিক তেনেকৈ প্রতিবছৰ অম্বুবাচীৰ এই তিনদিনক পৃথিবীৰ ঋতুকাল হিচাপে ধৰা হয়। এই তিন দিন কামৰূপৰ কামাখ্যাত পূজা হয়। সমস্ত দেবী মন্দিৰ বন্ধ থাকে।

এইসময়ত যিয়ে ব্রহ্মচর্য পালন কৰে যেনে: ব্রহ্মচাৰী , সাধু , সন্ন্যাসী , যোগীপুৰুষ , বিধবা মহিলা কোনেও  আমিষ খাদ্য গ্রহণ নকৰি   নিৰামিষ খায় ৷ যিহেতু ইয়াৰ বহুতে  অশুচি পৃথিবীৰ ওপৰত  জুই জ্বলাই ৰন্ধা একো নাখায়।  বিধবা মহিলাই  তিন দিন ধৰি ব্রত ৰাখে । অম্বুবাচীৰ আগৰ দিন ৰন্ধা খাদ্য তিনিদিন খায়। সেই তিনি দিন সিহতে  কোনো গৰম  খাদ্য নখায় ।

বিভিন্নজনে ফলমূল খায়েই  এই তিন দিন কটায় । এই কাৰণে  এতিয়াও পৰিয়ালৰ বয়স্ক বিধবা মহিলাই তিনিদিন ধৰি অম্বুবাচী উপলক্ষ্যে ব্রত পালন কৰা দেখা যায়৷ যি  হওক এয়া ধর্মৰ এটা লৌকিক আচাৰ। প্রতি বছৰে আহাৰৰ  ৭ তাৰিখে এয়া আৰম্ভ  হয় আৰু ১০ তাৰিখে শেষ হয়। এই উপলক্ষ্যে বিভিন্ন ঠাইত অম্বুবাচী মেলা হৈ থাকে।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • Some Facts About Indian Flag In Assamese আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে এইবোৰ কথা আপুনি জানিছিল নে Independence Day Assamese Article About Indian Flag বন্ধুসকল এখন  দেশৰ…
  • Every assamese should know কাক কি বুলি জানো১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী৩) অভিনয়াচার্য : ব্রজনাথ শর্মা৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰ…
  • Best Job Sites In Assam: Assam Career Latest Job In Assam Hey there, job seekers! Are you on the hunt for the perfect job in Assam? Well, you're in…
  • ভাৰতত প্ৰথমখন বিলাতী ওৱাইন চপ First Wine Shop In India ভাৰতত মদ বা সুৰাৰ প্ৰচলন কেতিয়াৰ পৰা হয় সঠিক ভাবে জনা নাযায় যদিও প্ৰাচীন ৰজা মহাৰজা সকলৰ কাহিনীত বিশেষ আমোদ প্ৰমোদ বা সৈন…
  • Assamese Lifestyle | Tips And Tricks In Assamese | ঘৰুৱা দিহা ১৷ আপোনাৰ পুৰণি লেপটপটোত কাম কৰিবলৈ দিগদাৰ হৈছে নেকি?  বুটিং হওঁতে, প্ৰগ্ৰেম একোটা, ফাইল কপি পেষ্ট কৰোঁতে বহু স…
  • Hi, In this post you will get to know 7 National Parks in Assam with google map locations and facts about them. Assam is one of the seven sisters of India, located in…

4 comments

  1. 6 years
    Nice
  2. 6 years
    Thanks for updated
    1. 6 years
      thank you for you comment. please share with your friends
  3. 4 years
    nice ....