Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Assamese Lifestyle Tips And Tricks ঘৰুৱা দিহা

Assamese Lifestyle tips , Assamese Tips And Tricks
3 min read
Asssamese life Tips And tricks | Assamese Lifestyle

Assamese Lifestyle | Tips And Tricks In Assamese | ঘৰুৱা দিহা

১৷ আপোনাৰ পুৰণি লেপটপটোত কাম কৰিবলৈ দিগদাৰ হৈছে নেকি? 

বুটিং হওঁতে, প্ৰগ্ৰেম একোটা, ফাইল কপি পেষ্ট কৰোঁতে বহু সময় লোৱা হৈছে নেকি? হাৰ্ডডিস্কখনে কৰ্কশ শব্দ কৰি থাকে নেকি?
তেনেহ’লে, যদি পইচা বচাবলৈ মন আছে নতুন লেপটপ এটা কিনাৰ আগতে আপোনাৰ লেপটপৰ হাৰ্ডডিস্কখন সলনি কৰি নতুনকৈ SSD (solid state drive) হাৰ্ডডিস্ক এখন লগাই লওক ৷

মই মোৰ লেপটপটোত কাম কৰিব নোৱৰা অৱস্থা হৈছিলগৈ৷ মাজতে RAM ও বঢ়াই ল’লো৷ পিছে বিশেষ একো পাৰ্থক্য নাপালোঁ৷ এইটো সলোৱাৰ আগতে শেষ চেষ্টা হিচাপে হাৰ্ডডিস্কখন সলাই দিলোঁ৷ বহু ’ৰিভিউ’ চাই মেলি আমাজনৰ পৰা ছেমছাঙৰ এখন ল’লো (২৫৬ জিবি) আৰু য়ু টিউবত চাই চাই নিজে নিজে হাৰ্ডডিস্কখন লগাই ল’লো৷ SSD লগালে আগৰ পুৰণি হাৰ্ডডিস্কখন clone কৰি ল’ব পাৰি আৰু নতুনকৈ অপাৰেটিং ছিষ্টেম ইনষ্টল কৰাৰ লেঠাও নাথাকে৷ অবিশ্বাস্যভাৱে, মই সাংঘাতিক পাৰ্থক্য এটা পালোঁ৷ বুটিং টাইম একেবাৰে কমি গ’ল৷ পাৱাৰ বাটনটো টিপাৰ কেই ছেকেণ্ডমান পিছতে লেপটপটো কাম কৰিবলৈ সাজু হৈয়ে যায় যিটো হ’বলৈ আগতে কেইবামিনিটো লগা হৈছিল৷ আৰু দৰকাৰী এপ/ প্ৰগ্ৰেমবোৰো চকুৰ পচাৰতে খোল খোৱা হ’ল৷

পুৰণি হাৰ্ডডিস্কখন এটা casing কিনি আনি ভৰাই লৈ সেইটো এতিয়া external harddisk হিচাপে ব্যৱহাৰ কৰি আছোঁ৷


২৷ আগতে আপোনাৰ গেছৰ চিলিণ্ডাৰটো এমাহত শেষ হৈছিল কিন্তু যোৱা কেইমাহমানত আলহীৰ সংখ্যা বেছি নোহোৱা সত্ত্বেও পোন্ধৰ দিনমানতে শেষ হোৱা হৈছে নেকি?

যদি এনেকুৱা হৈছে তেন্তে যেতিয়াই আপোনাৰ ঘৰলৈ চিলিণ্ডাৰ দিবলৈ আহে ’ডেলিভাৰি বয়’জনক চিলিণ্ডাৰটো ওজন কৰি দিবলৈ কওক৷ আপুনি ঘৰলৈ মাছ বিক্ৰী কৰিব অহা বেপাৰীৰ পৰা যেনেকৈ মাছ ওজন কৰি লয়, ঠিক একেদৰে চিলিণ্ডাৰ দিবলৈ আহোঁতে ওজন কৰি ল’ব লাগে৷ চিলিণ্ডাৰ দিব অহাজনৰ লগতো এটা ওজন কৰিব পৰা যন্ত্ৰ থকাটো বাধ্যতামূলক৷

আগতে আমিও কেতিয়াও ওজন কৰি নলৈছিলোঁ৷ আচলতে নাজানিছিলোৱেই এই বিষয়ে৷ পিছে কেইবাৰমান অস্বাভাৱিকধৰণে গেছ শেষ হৈ যোৱাতহে আচৰিত হ’লোঁ৷ এবাৰ এটা চিলিণ্ডাৰ ৰাতিপুৱা লগোৱাৰ পিছত আবেলি শেষ হৈ থাকিল৷ আন এটাৰ ছীল মোহৰ লাগি থকাৰ পিছতো ভিতৰত একোৱে নাছিল৷ বাকী পোন্ধৰ বিছদিনত শেষ হোৱাবোৰ নধৰিলোৱেই যেনিবা৷

কথাটো গম নোপোৱাৰ অন্যতম কাৰণটো হ’ল যে, চিলিণ্ডাৰ দিবলৈ অহা সময়ত আমি ঘৰৰ পুৰুষসকল ঘৰত নাথাকোঁ আৰু চিলিণ্ডাৰটো ডেলিভাৰি বয়জনে ডাঙি আনি একেবাৰে পাকঘৰত দি থৈ যায়৷ গতিকে আমি কেতিয়াও ডাঙি চোৱাৰ অৱকাশেই নাপাওঁ চিলিণ্ডাৰ দিবলৈ অহাৰ সময়ত৷ অস্বাভাৱিকভাৱে পাতল হ’লেহে সন্দেহ হ’ব৷ গতিকে কথাটো গমেই পোৱা নাছিলোঁ৷

ডেলিভাৰি দিবলৈ নিয়মীয়াকৈ অহা ল’ৰাজনক এই বিষয়ে সোধাত সি এটা পাল মৰা উত্তৰ দি সিদিনাৰ পৰা নহা হ’ল৷ আৰু এদিন বেলেগ এজনক এই বিষয়ে সোধোতে তেওঁ ওজন কৰি দিম বুলি ক’লে৷ তেতিয়াহে ছবিখন পৰিষ্কাৰ হ’ল৷

চিলিণ্ডাৰ দিবলৈ অহা ল’ৰাবোৰ এক চুৰি চক্ৰত জড়িত হৈ থাকে (সকলোৱে নহয় দেই, সাধাৰণীকৰণ নকৰিব)৷ এবাৰ তেজপুৰত বন্ধু এজনে ২০০ টকাৰে গেছ ৰিফিল কৰি অনা বুলি কওঁতে আচৰিত হৈছিলোঁ৷ পিছতহে বুজিলোঁ যে ছীল এটা লগাই দিয়াটো তেনেই সাধাৰণ কথা৷ প্ৰতিটো চিলিণ্ডাৰৰ পৰা অলপ অলপকৈ গেছ উলিয়াই ইহঁতে এটা চিলিণ্ডাৰ কাৰোবাক ক’লা বজাৰত উচ্চ দৰত বেচি উপৰুৱা দুপইচা উপাৰ্জন কৰে৷

গতিকে ডেলিভাৰি বয়জনক চিলিণ্ডাৰটো সদায় জুখি দিবলৈ জোৰ দিব৷ যদি তেওঁ জুখি দিবলৈ হেঁহো-নেহো কৰে তেন্তে ভাবি ল’ব যে কিবা এটা খেলিমেলি আছে৷ ’এহ্‌, মোকো বিশ্বাস নকৰে নে? ’ - এইবুলি আৱেগ সানিব খুজিলেও প্ৰশ্ৰয় নিদিব৷ লাগিলে এশ টকা এনেয়ে দিব কিন্তু চুৰি কৰিবলৈ কিয় দিব৷

মই ভিডিঅ’ এটাও কৰি থৈছিলোঁ৷ স্থানান্তৰত আপল’ড কৰিম৷

৩৷ আপোনাৰ বাথৰূমৰ ’উচ্চ স্থানাংকিত জল প্ৰক্ষেপণ যন্ত্ৰ’টোৰে ভালদৰে পানী নোলোৱা হৈছে নেকি? মানে মই আমাৰ ’শ্বাৱাৰ’টোৰ কথাহে কৈছো দেই!

যদি তেনে হৈছে, শ্বাৱাৰটো খুলি আনি ছেফটি পিন বা আলপিন এটাৰে খুচি ফুটাবোৰ ঠিক কৰি---- ৰ’ব ৰ’ব, এই কামটো ভুলতেও নকৰিব৷ ওলোটা আপোনাৰ শ্বাৱাৰটো বেয়াহে হ’ব৷ তাতকৈ আপুনি এটা কাম কৰিব৷ এখন দ-গৰীয়া কাঁহীত ঘৰত আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা ভিনেগাৰ দি তাত শ্বাৱাৰটো ডুবাই থওক আধা ঘণ্টামান৷ তাৰপিছত পানীৰে ভালদৰে ধুই আকৌ আগৰ স্থানত লগাই দিব৷

-মৃদুল কুমাৰ শৰ্মা
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • Hey folks, if you are looking for the best new Assamese fonts to download, then you are in the right place! In this article, we will discuss five of the most downloaded Assa…
  • 5+ Best Website Designing Company In GuwahatiSo you want to know the top website designing company In Guwahati. You are in a right place. It is very difficult to choose the be…
  • Bohag Bihu, also known as Rongali Bihu, is one of the most vibrant and joyous festivals celebrated in the northeastern state of Assam in India. It marks the beginning of the Assame…
  • Lachit Barphukan Essay in Assamese PDF লাচিত বৰফুকন বিষয়ে ৰচনা আৰম্ভণি : অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী  ২৪ নৱেম্…
  • 18 Beautiful Childhood Memory Every Assamese Kid Can Relate | Nostalgia From the day we first cried on this earth till today we all create beautiful memories. As an Assamese…
  • Assamese Love story Beautiful Assamese Love Stroy For Couple তাইৰ বিয়াৰ আজি এবছৰ হল ৷ মই তিনিআলিৰ দোকানখনত ৰৈ আছো ৷ সেই দিনা যিদিনা তাইক 1ম লগ পাইছিলো এই দোকানখনতেই মই আদ্দা দি…

Post a Comment