Best 4 Assamese Story You Should Not Miss | Assamese New Story
Today we share four Assamese Best stories for motivation. | Assamese story and poem
Assamese Inspirational Story 1 | Assamese Story For Kid
এগৰাকী মহিলাই নিজৰ ঘৰৰ পৰা ওলাই আহি তেওঁলোকৰ পদূলিৰ মুখতে তিনিজন মানুহক দেখিলে । মহিলাগৰাকীয়ে আগতে কেতিয়াও মানুহকেইজনক দেখা নাছিল। মহিলাগৰাকীয়ে মানুহকেইজনক নিজৰ পদূলিৰ মুখত দেখি ক'লে যে মই যদিও আপোনালোকক চিনি নাপাওঁ বা আগতে দেখা নাই তথাপি মই লক্ষ্য কৰিছোঁ আপোনালোকৰ মুখত ভোক পিয়াহৰ চিন আছে । আহক আমাৰ ঘৰলৈ আৰু কিবা অলপ খাই লব বুলি মানুহকেইজনক ক'লে ।
তেওঁলোকে তেতিয়া ক'লে যে আপোনালোকৰ ঘৰৰ মূল মানুহজন আচেনে এতিয়া ? মহিলাগৰাকীয়ে ক'লে যে তেখেত অলপ আগতে ওলাই গৈছে । তেতিয়া মানুহকেইজনে ক'লে যে আমি আপোনাৰ ঘৰৰ মুৰব্বীজন মানে মহিলাগৰাকীৰ মানুহজন আহিলেহে ঘৰত যাম বুলি ক'লে । নহালৈকে পদূলিৰ মুখতে ৰৈ থাকিম বুলি ক'লে ।
অলপ সময়ৰ পাছত মহিলাগৰাকীৰ স্বামী ঘৰলৈ অহাত মহিলাগৰাকীয়ে গোটেই কথাবোৰ তেখেতৰ আগত ক'লে । তেতিয়া তেওঁ মহিলাগৰাকীক ক'লে যে তুমি এতিয়াই গৈ তেওঁলোকক মাতি অনাগৈ বুলি । মহিলাগৰাকীয়ে গৈ তেওঁলোকক ভিতৰলৈ মতাৰ কথা ক'লেগৈ ।
তেতিয়া তেওঁলোকে ক'লে যে আমি তিনিজন একেলগে ভিতৰলৈ যাব নোৱাৰিম । মহিলাগৰাকীয়ে কিয় নোৱাৰে বুলি প্ৰশ্ন কৰাত তেওঁলোকৰ এজনে ক'লে যে মোৰ নাম "সম্পদ" আৰু এজনলৈ আঙুলিয়াই দেখুৱাই ক'লে যে তেওঁ"কৃতকাৰ্যতা" আৰু এওঁ "ভালপোৱা" বুলি গোটেই কেইজনৰ নাম ক'লে । তাৰ পাছত তেওঁ আকৌ যোগ দিলে যে এতিয়া আপুনি গৈ আপোনাৰ মানুহজনৰ লগত আলোচনা কৰি আমাক কওঁক যে কাক প্ৰথমে মাতিব ?
মহিলাগৰাকীয়ে ভিতৰলৈ গৈ মানুহজনৰ লগত আলোচনা কৰিলে । তেতিয়া মানুহজনে ক'লে যে প্ৰথমে "সম্পদকে" মাতা গৈ তেতিয়া আমাৰ ঘৰখন সম্পদেৰে ভৰি পৰিব । তেতিয়া মহিলাগৰাকীয়ে ক'লে যে আমি কিয় কৃতকাৰ্যতাক মাতিব নোৱাৰোঁ ?
তেতিয়া তেওঁলোকৰ জীয়েকে ভিতৰৰ পৰা আহি ক'লে যে আমি যদি ভালপোৱাক প্ৰথম মাতোঁ তেতিয়া আমাৰ ঘৰখন ভালপোৱাৰে উপচি পৰিব ।তাইৰ কথাতে সকলোৱে হয়ভয় দি মহিলাগৰাকীয়ে মানুহকেইজনক মাতিব গ'ল আৰু ক'লে যে তোমালোকৰ মাজত কোনজন "ভালপোৱা" সেইজন প্ৰথমে আহক বুলি ক'লে ।
তেতিয়া "ভালপোৱা" জন উঠা ঘৰৰ ফালে আগবাঢ়িল আৰু পিছে পিছে "সম্পদ" আৰু "কৃতকাৰ্যতা" ও আগবাঢ়িল । তেতিয়া মানুহগৰাকীয়ে প্ৰশ্ন কৰিলে যে মই এজনক হে মাতিছোঁ আপোনালোক গোটেই কেইজনযে আহিলে । তেতিয়া সম্পদে ক'লে যে যদি আপুনি মোক বা কৃতকাৰ্যতাক মাতিলে হয়, তেতিয়া গোটেইকেইজন নগলোঁ হয় ।
যিহেতু আপুনি ভালপোৱাক মাতিছে, তেওঁ য'ত যায় আমিও একেলগেই যাওঁ । হয় য'ত মৰম "ভালপোৱা" থাকে তাত "সম্পদ", "কৃতকাৰ্যতা" সকলোবোৰেই থাকে ।
rajib
Assamese Best Motivational story 2 | Assamese Stroy For Child
-যেতিয়া মই খুব ফূর্তি - ধেমালি কৰিছিলো তেতিয়া মাঁই মোক কৈছিল যদি তই এনেকৈয়ে বেছি ধেমালি কৰি থাক তেনেহ'লে মই তোক ভাত নিদিওঁ ।তথাপিও মই খুব খেল- ধেমালি কৰিছিলোঁ আৰু মাঁয়ে মোক গোটেই গাওঁ বিচাৰি আনি হ'লেও নিজৰ কাষত বহুৱাই নিজ হাতেৰে খোৱাই দিছিল ।
কিন্তু এই নতুন মাঁয়ে কয় যদি তই এনেদৰেই বেছি খেল- ধেমালি কৰ তেনেহ'লে মই তোক খাবলৈ নিদিওঁ আৰু সচাকৈয়ে তেওঁ আজি তিনিদিন ধৰি একো খাবলৈ দিয়া নাই ৷
আপোনালোকে জানেনে পৃথিবীত কেবল এজনীয়েই মহিলা আছে যিজনীয়ে আপোনাক সকলো সময়তে ভাল পাই থাকিব আপুনি আটাইতকৈ বেয়া মানুজন হলেও মাৰ মনত আপুনিয়েই পৃথিবীৰ আটাইতকৈ ভাল মানুহ হৈ থাকিব ৷99.99 % মানুহে জীৱনত সচা মৰম পায় ৷মাৰ বাহিৰে ইমান নিভাজ মৰম জানো কোনোৱাই দিব পাৰে?
Assamese Motivational Story 3 | Assamese Story For Broken Lovers
লৰাজনে চকুটো জপাই দিলে ৷ ওলাব খোজা চকুপানীখিনি লুকালে ৷ তেও মনত কৰিবলৈ ধৰিলে তাইৰ সৈতে পাৰ কৰা সকলো মুহুৰত ৷ কেনেকৈ তাইক সুখী কৰিছিল ৷ তাইৰ যত্নলৈছিল ৷ আটাইবোৰ ৷ তেও তাইক দিয়া প্ৰতিশ্ৰুতিবোৰ মনত কৰিবলৈ ললে ৷ কেইচেকেণ্ডমান পিছত মনটো ডাঠ কৰি কলে ৷
Most Inspirational Assamese Story 4
এসময়ত এজন সৰু ল'ৰা আছিল । সি মাকৰ সৈতে বাস কৰিছিল। ল'ৰাজন ধুনীয়া আৰু Smart আছিল। সিহত বৰ দুখীয়া আছিল । মাকে তাক লৈ সদায় দুখিত আছিল ।
এদিনাখন ল'ৰাজনে সুধিলে – :মা তুমি কিয় আমন জিমনকৈ থাকা ?? :বাবা, এদিন এজন বিজ্ঞ পন্ডিতে কৈছিল যাৰ তোমাৰ নিছিনা দাঁত থাকিব সি এদিন সকলোৰে আদৰৰ হৈ পৰিব, সমাজত তাৰ নাম হব ।
(মাকে ক'লে) : তেন্তে তুমি মই বিখ্যাত হোৱাটো নিবিচৰা নিকি? : মোৰ সোণটো কোনেনো নিজৰ সন্তানক ডাঙৰ হোৱাটো নিবিচাৰে ? মই সদায় এয়া ভাবি দুখিত আছিলো জানোচা তুমি ডাঙৰ হ'লে মোক পাহৰি এৰি যোৱা ! এয়া শুনি ল'ৰাজনৰ দুচকু বৈ আহিল আৰু মাকৰ সন্মুখত ক্ষন্তেক থিয় হৈ ৰ'ল আৰু ঘৰৰ বাহিৰলৈ দৌৰি গ'ল ।
সি এটা পাথৰ ল'লে আৰু তাৰ আগ দাঁত দুটা আঘাত কৰিলে । তাৰ মুখৰ পৰা তেজ বব ধৰিলে । মাকে তাৰ ওচৰলৈ দৌৰি আহিল আৰু আচৰিত হৈ ক'লে- : এয়া তুমি কি কৰিলা? : মা যদি তোমাৰ দুখৰ কাৰণ মোৰ দাঁত তেন্তে সেয়া মোক নালাগে ।
মই তোমাক দুখ দি ডাঙৰ হব নোখোজো । তোমাক শ্ৰূষা কৰি তোমাৰ আৰ্শীবাদেৰে ডাঙৰ হব বিচাৰো । সেই লৰাজন আন কোনো নাছিল ৷ তেওৱেই আছিল একালৰ চাণক্য পণ্ডিত ৷
(সংগৃহীত)